Inauguration of Jorhat Cancer Centre

  • ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পৰা অনলাইন যোগে উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি  ডিব্ৰুগড়,বৰপেটা, তেজপুৰ, লক্ষিমপুৰ,দৰং,কোকোৰাঝাৰ আৰু যোৰহাট, এই মুঠ ৭খন জিলাৰ কৰ্কট চিকিৎসালয় কেইখন অনলাইনযোগে উদ্বোধন কৰে৷উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ আৰু ৭ খন জিলাৰ কৰ্কট চিকিৎসালয়ৰ অনলাইনযোগে আধাৰশিলা স্থাপন কৰে৷যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ চৌহদত আয়োজন কৰা যোৰহাট কৰ্কট চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভঁৰালী, মৰিয়নি সমষ্টিৰ বিধায়ক  ৰূপজ্যোতি কুৰ্মী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ৰাজহ বিভাগৰ আয়ুক্ত সচিব জি ডি ট্ৰিপাঠী, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মিনা, বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতা, স্বাস্থ্য বিভাগৰ নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,নৱনিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়ৰ অধীক্ষক ডা: বিপুল ভূঁঞা, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷